loader

Article

  • Home    >
  • Article
blog_img
  • 29
  • Oct

সংখ্যাৰে ভাগ্য বিচাৰ

সংখ্যাৰে নিজৰ ভাগ্যক জানিবলৈ কৰা প্ৰয়াস বা সংখ্যাতত্বৰ বৈজ্ঞানিক ভিত্তিত কৰা বিশ্লেষণ, আধুনিক জ্যোতিষ শাস্ত্ৰৰ অভেদ্য অংগস্বৰূপ। জ্যোতিষৰ বিষয়ে চৰ্চা কৰিবলৈ যাওঁতে প্ৰথমে আমি প্ৰশ্নকৰ্তাৰ বিষয়ে সাধাৰণ তথ্য আহৰণ কৰোঁ, প্ৰশ্নকৰ্তাৰ জন্ম তাৰিখ, চন, জন্ম সময় আৰু জন্ম স্থানৰ ওপৰত ভিত্তি কৰি আধুনিক পদ্ধতিত সমাধান তথা পূৰ্বানুমান কৰা হয়। আজিকালি জ্যোতিষ চৰ্চা কৰা লোক তথা বিশ্বাস কৰা লোকৰ সংখ্যা আগতকৈ বহুগুণে বৃদ্ধি পাইছে। মানুহৰ মাজত আধ্যাত্মিক চেতনা বা আধ্যাত্মিকতা জাগ্ৰত হৈছে। আজিকালি এটি সন্তান ভূমিষ্ঠ হোৱাৰ লগে লগে আজিৰ পিতৃ-মাতৃয়ে সন্তানৰ জন্মৰ সময়, চন, তাৰিখ সঠিককৈ জানি লয় বা সংৰক্ষণ কৰে। কিন্তু আগৰ দিনত সন্তান জন্ম হোৱাৰ পিছত তাৰিখ, চন, সময় মনত ৰাখিবলগীয়া তথ্য বুলি বোধ হোৱা নাছিল। যাৰ ফলত বহু মানুহৰ প্ৰকৃত জন্ম তথ্য নাথাকে। বিদ্যালয়ত নামভৰ্ত্তি কৰিবৰ সময়ত স্কুলৰ প্ৰধান শিক্ষকে লিখি দিয়া জন্ম তাৰিখেৰে বহু মানুহে এতিয়াও নিজৰ প্ৰয়োজনীয় নথি-পত্ৰ তৈয়াৰ কৰি চলি আছে। কিন্তু তাৰ মাজতো ব্যতিক্ৰম নথকা নহয়। মোৰ ওচৰলৈ অহা এনে বহু মানুহৰ সোঁৱৰণী মই লাভ কৰিবলৈ সক্ষম হৈছোঁ। যাৰ বয়স বৰ্তমান ৮০ ৰ পৰা ৯০ ৰ ঘৰৰ ভিতৰত। পূৰ্বতেও বহু অসমীয়া বিশেষকৈ ব্ৰাহ্মণ সমাজত সঠিক সময় লৈ সোঁৱৰণী প্ৰস্তুত কৰাৰ মানসিকতা আছিল।

এই লেখাটো সেইসকল লোকলৈ আগবঢ়াইছোঁ যিসকল লোকৰ জন্মৰ চন, তাৰিখ, সময়ৰ সঠিক তথ্য নাই। কিছু সংখ্যক লোকৰ মাত্ৰ তাৰিখ মনত থাকে। কিছু লোকৰ তাৰিখ, চন উভয়ে থাকে কিন্তু জন্ম সময় নাথাকে। আকৌ কিছুমানৰ ক্ষেত্ৰত দুয়োটাৰে অভাৱ দেখা যায়। মাত্ৰ নামটোৰ বাহিৰে সম্পূৰ্ণ শুদ্ধ তথ্য নাথাকে। সংখ্যাতত্বৰে বিচাৰ কৰিবলৈ যাওঁতে আমি মূল্যাংক আৰু ভাগ্যাংক এই দুই আৰ্হিৰে কোনো এজনৰ বিষয়ে চাব পাৰোঁ। মূল্যাংক হ’ল মানুহৰ জন্ম তাৰিখ বা তাৰিখৰ পৰা উলিওৱা একক সংখ্যা। উদাহৰণস্বৰূপে, যদি কোনো লোকৰ জন্ম তাৰিখ ২৩, তেন্তে তেওঁৰ মূল্যাংক হ’ব ২+৩=৫। ৫ সংখ্যা মানুহজনৰ মূল্যাংক। এই সংখ্যাৰ ওপৰত ভিত্তি কৰি তেওঁৰ অধিপতি গ্ৰহ, জীৱনৰ সফলতা, ব্যক্তিত্ব, শুভ দিন, শুভ ৰং ইত্যাদি বিভিন্ন দিশ চোৱা হয়। আকৌ ভাগ্যাংক হ’ল কোনো এজন লোকৰ জন্ম, তাৰিখ, মাহ আৰু চনৰ যোগফল আৰু তাৰ পৰা উলিওৱা একক সংখ্যা। উদাহৰণস্বৰূপে যদিহে কোনো লোকৰ জন্মৰ তাৰিখ, মাহ, চন এনেধৰণৰ হয়-৫/০৪/২০১৩ অৰ্থাৎ এপ্ৰিল মাহৰ ৫ তাৰিখ, ২০১৩ চন। তেন্তে ইয়াৰ ভাগ্যাংক হ’ব- ৫+০৪+২+০+১+৩ = ৯+৬ = ১৫ = ৬

অৰ্থাৎ সেই মানুহজন বা মানুহগৰাকীৰ ভাগ্যাংক হ’ব ৬। আৰু এই ৬ ৰ ওপৰত ভিত্তি কৰি মানুহজনৰ ব্যক্তিত্ব, সফলতা, শুভ দিন, বাৰ, ৰং আদি নিৰ্ধাৰণ কৰিব পৰা যায়।

মূল্যাংকৰ ওপৰত ভিত্তি কৰি কোনো এজন লোকৰ ব্যক্তিত্বৰ বিষয়ে জানিব পৰা যায়। পাঠক/পাঠিকাৰ জ্ঞাতাৰ্থে কিছু দিশ উল্লেখ কৰিলোঁ। যদিহে মূল্যাংক সংখ্যা ১ হয় তেন্তে দেখা যায়, তেনে লোকৰ মাজত সাহস, বুদ্ধিমত্তা, নেতৃত্ব দিব পৰা গুণ, কৰ্মত উৎসাহ সৃষ্টিশীল মানসিকতা থকা আদি গুণসমূহ দেখা যায়। এনে লোকে সদায় শিক্ষা-দীক্ষা, সন্মান, অৰ্হতাক গুৰুত্ব দিয়ে। কিন্তু এনে লোকৰ সাধাৰণভাৱে হ’লেও অহম ভাৱ থাকে।

মূল্যাংক ২ হ’লে দেখা যায় যে এনে লোকৰ বেছি ভাগেই অন্তৰ্মুখী হয়। নিজৰ সমস্যাসমূহ আনক সতকাই ক’ব নোৱাৰে। কল্পনাবিলাসী হয়, সদায় সুন্দৰ বস্তু উপভোগ কৰিব বিচাৰে। ঘূৰা-ফুৰা কৰি ভালপোৱা ধৰণৰ হয়।

মূল্যাংক ৩ হোৱা মানুহবোৰৰ মাজত উচ্চাকাংক্ষা আৰু আনৰ প্ৰতি সেৱা মনোভাৱ থাকে। ভাগ্য সদায় সদয় হৈ থাকে। এনে লোক যথেষ্ট বুদ্ধিসম্পন্ন হয়। এনে লোকে সহজতে আনক আকৰ্ষিত কৰে। কিন্তু কেতিয়াবা এনে লোকক যথেষ্ট নিষ্ঠুৰ হোৱা দেখা যায়।

মূল্যাংক ৪ হ’লে, এনে লোকসকলৰ জীৱনত সংগ্ৰাম বহুত হয়। কিন্তু সংগ্ৰাম কৰি হ’লেও জীৱনত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। এনে লোক যথেষ্ঠ পৰিশ্ৰমী আৰু নিয়মানুৱৰ্তিতা অনুসৰণ কৰি চলে। এনে লোক যথেষ্ট আৱেগিক হয়।

মূল্যাংক ৫ হ’লে, দেখা যায় যে এনে লোক এক আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী হয়। এনে লোকৰ জীৱনত প্ৰেম একাধিকাৰ হয়। কিন্তু বিবাহিত জীৱনতো সফল হোৱা দেখা যায়। এনে লোক যথেষ্ট স্পষ্টবাদী হয়।

মূল্যাংক ৬ হ’লে, তেওঁলোকে কলা-সংস্কৃতিক যথেষ্ট সমাদৰ দিয়ে। এনে লোকৰ স্মৃতিশক্তি প্ৰখৰ। ঘৰ আৰু পৰিয়ালৰ প্ৰতি নিজৰ দায়িত্ব সম্পূৰ্ণৰূপে পালন কৰা ধৰণৰ হয়। সাংসাৰিক আৰু দাম্পত্য জীৱনত সুখী হয়। কিন্তু এনে লোক মাজে মাজে অত্যাধিক মেজাজী হৈ পৰে।

মূল্যাংক ৭ এনে লোকসকল যথেষ্ট স্বাধীন মনোভাৱৰ হয়। নিজে ভালপোৱাটো কৰি ভাল পায়। আৱেগ, অনুভূতিসমূহ মনৰ মাজত লুকাই ৰাখিব পাৰে। কিন্তু মুখত তাৰ ভা আহিব নিদিয়ে। কিছু ক্ষেত্ৰত অতিমাত্ৰা ঈশ্বৰবিশ্বাসী হয়। কিন্তু এনে লোকৰ মাজত অস্থিৰতা বা অত্যাধিক চঞ্চলতা দেখা যায়।

মূল্যাংক ৮ এনে লোকৰ অন্তৰ্নিহিত জ্ঞান থাকে। উচ্চাকাংক্ষী হয়, সংসাৰৰ প্ৰতি কোনোবা সময়ত বিৰক্তি অনুভৱ কৰে। কিন্তু কিছু ক্ষেত্ৰত উৎসাহী আৰু জেদী হোৱা দেখা যায়। এনে লোকৰ দুৰ্বলতা হ’ল এলাহ। এলাহৰ ভাবৰ বাবে বহু ক্ষেত্ৰত পিছুৱাই থাকিব লগা হয়।

মূল্যাংক ৯ উলিওৱা লোকসকল সাহসী আৰু উৎসাহী হয়। মাটি সম্পত্তিৰ প্ৰতি দুৰ্বলতা থাকে। এনে লোক প্ৰেক্টিকেল আৰু বিলাসী হয়। জীৱনত সফলতা পায়। কিন্তু হঠাৎ উঠা খং স্বভাৱৰ বাবে আনৰ অপ্ৰিয় হোৱা দেখা যায়।

সংখ্যাৰে ব্যক্তিত্ব বিচাৰ কৰিব পৰা সামান্য আভাস মাত্ৰ লেখাটোত সন্নিৱিষ্ট কৰিলোঁ। ভৱিষ্যতে পাৰিলে আৰু কিছু জনাবলৈ চেষ্টা কৰিম। আপোনাৰ নিজৰ জন্মৰ তাৰিখৰ ওপৰত ভিত্তি কৰি নিজৰ মূল্যাংক নিৰ্ধাৰণ কৰিব পাৰে, লগতে সেইমতে নিজৰ ব্যক্তিত্ব বিচাৰ কৰিব পাৰে। নিজৰ লগতে পৰিয়ালৰ আন সকলৰো উলিয়াই চাব পাৰে।