loader

Article

  • Home    >
  • Article
blog_img
  • 03
  • Nov

নিজৰ প্ৰিয় ৰঙেৰে নিজক জানক

মানুহ সৰ্বদা পৰিস্থিতি, ভাগ্য আৰু কৰ্মৰ সূত্ৰেৰে বন্ধা থাকে। কোনো কোনো ক্ষেত্ৰত পৰিস্থিতি এনেকুৱা হয় যে সুচলৰূপে চলি থকা জীৱনটোতো জটিলতা আহে। আনহাতে, বহুক্ষেত্ৰত পৰিস্থিতিতে মানুহক বহু জটিলতা তথা তাৰ পৰা উদ্ভৱ হোৱা সমস্যাৰ পৰা আঁতৰাই আনে। আমাৰ অজানিতে বহুক্ষেত্ৰত আমি কষ্ট কৰাতকৈ বেছি বা আশাতীত সফলতা লাভ কৰোঁ বা নভৱাকৈয়ে জীৱনত বহু কিবা কিবা সাৰ্থক বা নঞৰ্থক লাভ কৰোঁ। যাক ভাগ্যৰ অধীন বুলিব পাৰি। পৰিস্থিতি আৰু ভাগ্যৰ ওচৰত আমি নীৰৱ দৰ্শক। একমাত্ৰ কৰ্মই হ’ল এনে অস্ত্ৰ, যাৰ দ্বাৰা আমি জীৱন যুঁজত বৰ্তি থাকিব পাৰোঁ। কিন্তু প্ৰায়ে দেখা যায়, জীৱনৰ প্ৰতিটো সময়ত স্তৰত বা বয়সত কৰ্মই মানুহক সমান্তৰালভাৱে সঁহাৰি জনাব নোৱাৰে। কেতিয়াবা কৰ্মতকৈ অধিক পোৱা যায়, আৰু কেতিয়াবা কৰ্মফলৰ পৰা লাভান্বিত হোৱা দেখা নাযায়।

হাঁহি-কান্দোন, ছাঁ-পোহৰ, সফলতা-ব্যৰ্থতা, এই সকলোৱে হ’ল জীৱনৰ বিভিন্ন ৰং। এই ৰঙৰ সমাহাৰেই হ’ল জীৱনৰ পৰিপূৰ্ণতা। আজিৰ খণ্ডটিত প্ৰকৃততে মানুহৰ জীৱনত উন্নতিত, ব্যৰ্থতাত, জয়-পৰাজয়ত ৰঙৰ কি মহত্ব তাৰ আলোচনা আগবঢ়োৱা হৈছে। প্ৰকৃতিৰ তিনিটা মূল ৰং বা যাক Basic color বুলি কোৱা হয়। সেয়া হ’ল ৰঙা, হালধীয়া, নীলা আৰু এই তিনি ৰঙৰ সমাহাৰেৰে সৃষ্টি আমাৰ এই বৰ্ণিল পৃথিৱী। এই ৰঙৰ সমাহাৰ আমাৰ খাদ্য, বস্ত্ৰ, বাসস্থান, ৰুচি, অভিৰুচি, কলা, শিল্প, সংস্কৃতি, জীৱনধাৰা সকলোতে বিদ্যমান। ৰং অবিহনে জীৱনৰ কল্পনাই কৰিব নোৱাৰি। সেয়েহে এই ৰঙৰ প্ৰভাৱ মানুহৰ জীৱনত অপৰিহাৰ্য্য। জ্যোতিষ শাস্ত্ৰত ৰঙৰ ব্যৱহাৰ তথা মহত্ব যথেষ্ট। বহুক্ষেত্ৰত বহু জটিল সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰঙৰ ব্যৱহাৰ কৰা হয়, যাক সাধাৰণ ভাষাত Color Therapy বুলিও কোৱা হয়।

‘আপোনাৰ প্ৰিয় ৰং কি’? এই প্ৰশ্নৰ উত্তৰতে নিহিত হৈ থাকে কোনো ব্যক্তিৰ চাৰিত্ৰিক বৈশিষ্ট্য, স্বাস্থ্য আৰু সফলতা লাভৰ চাবিকাঠী। প্ৰত্যেকজন ব্যক্তিৰ নিজৰ ৰুচি, অভিৰুচি, সন্তুষ্টিৰ দৰে নিজৰ পছন্দৰ ৰং নিৰ্ধাৰিত থাকে; কিন্তু সময়ে সময়ে ইয়াৰ পৰিৱৰ্তন হোৱা দেখা নাযায় বুলি ক’ব নোৱাৰি। প্ৰত্যেক ৰঙে মানুহজনৰ বৈশিষ্ট্য, স্বভাৱ, চাৰিত্ৰিক লক্ষণ নিৰ্দেশ কৰে, লগতে যদিহে ব্যক্তিজনৰ এক নিৰ্দিষ্ট বয়সৰ পিছত নিজৰ ৰুচিৰ পৰিৱৰ্তন ঘটা দেখা যায় তেন্তে তেওঁৰ স্বভাৱ আৰু চাৰিত্ৰিক দিশতো পৰিৱৰ্তন দেখা যাব। পাঠকৰ সাধাৰণ কৌতুহল নিবাৰণৰ অৰ্থে কেইটামান ৰঙৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু স্বাস্থ্য সম্পৰ্কে উল্লেখ কৰিলোঁ।

ক) নীলা ৰং: যি লোকে নীলা ৰঙ পছন্দ কৰে তেওঁলোক খুব সচেতনশালী হয়। যিকোনো পৰিস্থিতিতে সজাগ হৈ থাকে, দূৰদৰ্শী হয়, মন কোমল তথা দয়ালু হয়। সকলোৰে মন জয় কৰিব পাৰে। আত্মবিশ্বাসী হয়। সুযোগ-সুবিধা মিলাই সমস্ত কৰ্ম সম্পাদন কৰে। সফলতাৰ হাৰ বেছি। কামনা-বাসনাৰ প্ৰভাৱ বেছি হ’লেও সংসাৰ সুখী কৰিব পাৰে। এনে লোকৰ সোনকালে ভাগৰ লাগে, হজমৰ গণ্ডগোল, নাৰ্ভৰ অসুখ, মূৰৰ বিষ, চৰ্দি লগা, দুশ্চিন্তা, টোপনি ভাঙি যোৱা ইত্যাদি বিভিন্ন সৰু সৰু ৰোগ লাগি থাকে। এওঁলোকে পাতল ক্ৰীম ৰং সহযোগী ৰং হিচাপে ব্যৱহাৰ কৰিব পাৰে। অসুখ হ’লে নীলা ৰঙৰ লগতে ক্ৰীম ৰঙৰ ব্যৱহাৰে আৰোগ্য লাভত সহায় কৰিব।

খ) হালধীয়া ৰং: এই ৰং ভালপোৱা ব্যক্তিসকল যথেষ্ট সপ্ৰতিভ হয়। শৰীৰৰ শক্তিতকৈ মনৰ জোৰ, মনৰ শক্তি বেছি হয়। অপ্ৰিয় হ’লেও সত্য কথা কৈ ভাল পায়। অন্যায় কেতিয়াও সহ্য নকৰে। কৰ্মৰ মাজত শান্তি পায়। কৰ্মহীন অৱস্থাত নিজে জ্ঞানশূণ্য হৈ পৰে। ব্যৱসায়ী, উদ্যোগপতি বা বিনিয়োগকাৰীসকলক এই ৰঙে আকৰ্ষিত কৰে। এনে লোকৰ পেটৰ বিভিন্ন ৰোগ হ’ব পাৰে। জণ্ডিছ বা লিভাৰৰ অইন সমস্যা থাকিব পাৰে। লগতে ব্ৰণ, ফোঁহাজাতীয় সমস্যাও থাকে। ওখ ঠাইৰ পৰা পৰাৰ সম্ভাৱনা থাকে। এনে ৰঙৰ পছন্দকাৰীসকলে অসুখ-বিসুখৰ সময়ত গাঢ় হালধীয়া ৰং ব্যৱহাৰ কৰিব। কমলা ৰং ব্যৱহাৰ কৰিব পাৰে মনৰ একাগ্ৰতা বৃদ্ধিৰ বাবে। সেউজীয়া আৰু বগা ৰং সহযোগী ৰং হিচাপে ব্যৱহাৰ কৰিলে উপকৃত হ’ব।

গ) ৰঙা ৰং: ৰঙা ৰং পছন্দ কৰা ব্যক্তিসকল সংগ্ৰামী হয়। জীৱনৰ প্ৰতিটো প্ৰত্যাহ্বানক সংগ্ৰামী মনোভাৱেৰে যুঁজি যায়। কেতিয়াও পিছুৱাই নাহে। অত্যন্ত সৰল মনৰ হয়। এনে লোক তোষামোদ প্ৰিয় হয়। প্ৰশংসা কৰিলেই গলি যায়। এওঁলোকে নিজৰ সমালোচনা সহ্য নকৰে। যিকোনো কৰ্মতে সফল হ’বলৈ যথেষ্ট চেষ্টা কৰে। সফলতা লাভেই কৰ্মৰ মূল উদ্দেশ্য বুলি আগবাঢ়ে। বিফলতা মৃত্যু তুল্য জ্ঞান কৰে। সেয়েহে কেতিয়াবা হতাশাগ্ৰস্ত হোৱাও দেখা যায়। এওঁলোকৰ লিভাৰৰ চিৰস্থায়ী অসুখ হ’ব পাৰে। মূৰ আৰু নাকৰ ৰোগত ভুগিব পাৰে। জীৱনৰ যিকোনো এটা সময়ত শত্ৰুতাজনিত কাৰণত মূৰ আৰু শৰীৰত আঘাত পাব পাৰে। এওঁলোকে ৰঙাৰ উপৰিও নীলা আৰু বেঙুনীয়া ৰঙক সহযোগী ৰং হিচাপে ব্যৱহাৰ কৰিব পাৰে। অসুখ-বিসুখ হ’লে পাতল নীলা ৰঙৰ ব্যৱহাৰে উপকৃত কৰিব।

ঘ) সেউজীয়া ৰং: এই ৰঙৰ প্ৰাধান্য ব্যক্তিসকলৰ জীৱনত সিদ্ধান্ত গ্ৰহণৰ সময়ত অস্থিৰতা দেখা যায়। খুব আৱেগিক ধৰণৰ হয়। আনে দিয়া দায়িত্ব খুব সতৰ্কতাৰে আৰু যত্ন সহকাৰে পালন কৰে। তেওঁৰ কৰ্মত আনে ভুল ধৰিলে অসম্ভৱভাৱে প্ৰতিক্ৰিয়া কৰে। জীৱনত অপ্ৰত্যাশিতভাৱেই ভাল ভাল সুযোগ আহে। ব্যৱসায়ী হিচাপে সফল হ’ব পাৰে। নিজৰ জ্ঞানৰ দ্বাৰা আনক শুদ্ধ পথ দেখাবলৈ এওঁলোক সমৰ্থৱান। এনে লোকৰ বাবে নিৰামিষ আহাৰ উত্তম। সেউজীয়া ৰঙৰ লগত বগা ৰঙৰ ব্যৱহাৰে সফলতা লাভত সহায় কৰিব। মাজে মাজে সোণালী বা কমলা ৰঙো ব্যৱহাৰ কৰিব পাৰে।

ঙ) বেঙুনীয়া ৰং: বেঙুনীয়া ৰঙৰ প্ৰাধান্য থকা ব্যক্তিসকলৰ মাজত ঐচ্ছিক শক্তি প্ৰচণ্ড থাকে। জীৱনত সাফল্য লাভ কৰে। সৎ, সৰল আৰু বিশ্বাসী হয়। জীৱনত লক্ষ্য সুনিৰ্দিষ্ট কৰি নিজকে লক্ষ্যত নিয়োজিত কৰি ৰখাই তেখেতৰ কাম্য। কিন্তু জীৱনৰ কোনো সময়ত মানুহৰ পৰা বিচ্ছিন্ন হৈ যাব পাৰে। অস্বাস্থ্যকৰ পৰিৱেশ, এওঁলোকৰ সহ্য নহয়। টনছিল, ডিপথেৰিয়া, ফুচফুচ বা নাকৰ কোনো ৰোগত কষ্ট পাব পাৰে। ছাল যথেষ্ট সংবেদনশীল হোৱা বাবে অলপতেই ছালৰ ৰোগ হ’ব পাৰে। ৰঙা ৰং ব্যৱহাৰ কৰা এনে লোকৰ বাবে শুভ নহয়। পাতলীয়া ৰঙৰ ব্যৱহাৰে উপকাৰ দিব। হাতীৰ দাঁতৰ আঙঠি ব্যৱহাৰ কৰিলে মানসিক প্ৰফুল্লতা বাঢ়ে।